Friday, 9 February 2024

Rabha Traditional Ornaments

ৰাভা জনগোষ্ঠীৰ আ- অলংকাৰ:

Rubuk(ৰুবক): ইয়াক কঁকালত পিন্ধে । ই হাতীৰ দাঁতেৰে তৈয়াৰী আৰু ইয়াত সাতধাৰী মালা থাকে ।

San(ছান): সোন,ৰূপ বা তামেৰে তৈয়াৰী এবিধ গোটা খাৰু।

Kantabaju(কানতাবাজু): তিৰোতাসকলে হাতৰ বাহুত পিন্ধে, এই অলংকাৰক ৰূপেৰে তৈয়াৰ কৰা হয়।

Chandrahar(চন্দ্ৰহাৰ):ডিঙিত পিন্ধা এবিধ ৰূপৰ অলংকাৰ।

Khuchumakrang(খুছু মাক্ৰং): খুছু মাক্ৰং এবিধ চুলিৰ খোপাত গুজি লোৱা লোৰ শলাৰে নিৰ্মিত অলংকাৰ।

Nambri(নামব্ৰি): সোন বা ৰূপেৰে তৈয়াৰী, কানত পিন্ধে।

Nakapoti(নাকাপতি):এসিকি ওজনৰ ৰূপ বা সোনেৰে তৈয়াৰী নাকত পিন্ধা এবিধ অলংকাৰ।

Bali (বালি): ই এবিধ নাকৰ তলৰ অংশত পিন্ধা অলংকাৰ।

Hatbaju(হাত বাজু): তিৰোতাসকলে খাৰুৰে সৈতে হাতত পিন্ধে।

Bola- Nambri(বোলা নামব্ৰি): কলডিল আকৃতিৰ কানৰ ওপৰ অংশত পিন্ধা এবিধ অলংকাৰ।

Hasa(হাছা):ইয়াক গোটা ৰূপেৰে তৈয়াৰ কৰা হয় আৰু ইয়াক ডিঙিত পিন্ধে।

Siki(ছিকি): সৰু সৰু জিকিৰ আকোৱা লগাই সূতাৰে মালা গাঁথি ডিঙিত পিন্ধে।

Hargulai, mayar singsap(হাৰ গুলাই, মায়াৰ ছিংছাপ): ই তিনি প্ৰকাৰৰ অলংকাৰ।‌‌‌‌‌ সোন বা ৰূপেৰে তৈয়াৰী হাতত পিন্ধে।

Chachakam(চাচাকাম): চাচাকাম অৰ্থাৎ আঙুঠি, মতা বা তিৰোতাই হাতৰ আঙুলিত পিন্ধে।

Etc...

No comments:

Post a Comment